শিল ভঙাৰ সময়ত শিলৰ চেপাত কৰুণ মৃত্যু যুৱতীৰ

September 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

পাহাৰত শিল ভঙাৰ সময়ত শিলৰ চেপাত মৃত্যু যুৱতীৰ।

এই ঘটনাৰ স্থান নগাঁও জিলাৰ ৰহাৰ আমচৈ গাৰো গাঁও।

জানিব পৰা মতে, মঙলবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা।

পাহাৰত শিল ভাঙি থাকোতে শিলে হেঁচা মাৰি ধৰিলে এগৰাকী যুৱতীক। ফলত থিতাতে নিহত হয় মাৰছিৰি মাৰাক নামৰ যুৱতীগৰাকী।

জানিব পৰামতে, ৰহাৰ চাপৰমুখ কপিলী নদীৰ পাৰ ঘাটত চাৰিদিন ধৰি বন্ধ হৈ থকা কপিলী দক্ষিণ পাৰৰ বাঁহ-খৰি আদি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে।

বহু লোকৰে বন্ধ হৈছে জীৱিকাৰ পথ। ফলত বসুন্ধৰি পাহাৰৰ সমীপৰ একাংশ লোকে শিল ভাঙি বিক্ৰী কৰি জীৱিকাৰ পথ হিচাপে ল’ব লগা হৈছিল।

মাৰছিৰি মাৰাক নামৰ গাৰোগাঁৱৰ যুৱতীগৰাকীও মঙলবাৰে বিয়লি ঘৰৰ সমীপৰে পাহাৰত শিল ভাঙিবলৈ গৈছিল।

কিন্তু হঠাতে পাহাৰৰ ওপৰৰ পৰা এটা শিল খহি আহি যুৱতীগৰাকীক হেঁচা মাৰি ধৰে ফলত থিতাতে নিহত হয় গাৰো যুৱতীগৰাকী।

অৱশেষত ৰাইজে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।