শিশুসহ ৰহস্যজনকভাৱে সন্ধানহীন মহিলা

August 4, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত পুনৰ সংঘটিত হ’ল মহিলা-শিশুৰ নিৰুদ্দেশৰ ঘটনা।

ফুৰিবলৈ গৈ সন্ধানহীন মাতৃসহ শিশু।

এই ঘটনাৰ স্থান কামৰূপ জিলাৰ ৰঙিয়াৰ উদিয়ানা।

জানিব পৰা মতে, দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ৰঙিয়াৰ উদিয়ানাৰ আকবৰ আলীৰ সৈতে ছুখীয়া বেগম বিবাহ পাশত আবদ্ধ হৈছিল।

কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত এমাহতকৈ অধিক সময় সন্তানসহ পত্নী সন্ধানহীন হৈ থকাত এতিয়া শোকত ভাগি পৰিছে স্বামী আকবৰ আলী।

শিশুসহ মহিলাগৰাকী এমাহতকৈ অধিক সময় সন্ধানহীন হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৩ বছৰীয়া কন্যাশিশু সহ মাতৃ ছুখীয়া বেগমে যোৱা ২৫ জুনত দিনৰ ভাগত ফুৰিবলৈ গৈছিল।

ফুৰিবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে কন্যাশিশুসহ মহিলাগৰাকী।

সন্ধানহীন মহিলাগৰাকীৰ স্বামীয়ে বহুতো বিচাৰ-খোচাৰ কৰি কোনো সন্ধান উলিব পৰা নাই।

কোনো দুষ্ট চক্ৰই বহিঃৰাজ্যলৈ নি কোনো মানৱ সৰবৰাহকাৰীক বিক্ৰী কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্বামী আকবৰ আলীয়ে।

ঘটনা সন্দৰ্ভত আকবৰে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়েও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই সন্ধানহীন মাতৃ-কন্যাৰ।