শিশুৰ দেহত মাৰাত্মক কৰ’ণাঃ ৰাজ্যৰ ১৭২ টা শিশুৰ দেহত কৰ’ণাৰ সংক্ৰমণ…

June 27, 2021 0 By Biraj Kalita

উদ্বেগজনকভাৱে ৰাজ্যৰ শিশুৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ’ণা।

বিগত দিন কেইটাত অসমত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা শিশুৰ সংখ্যা।

এমহীয়া শিশুৰ পৰা প্ৰায় ১৪ বছৰীয়া কিশোৰৰ দেহত কৰ’ণাৰ সংক্ৰমণ ধৰা পৰিছে।

জানিব পৰা মতে শুক্ৰবাৰে দিনৰ ৪ঃ৩০ বজালৈ ৰাজ্যত মুঠ ১৭২ টা শিশু কৰ’ণাত আক্ৰান্ত হৈছে।

আক্ৰান্ত শিশুসকলৰ একাংশ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও আন একাংশ আক্ৰান্ত শিশু নিজ গৃহতেই আইশ্যলেছনত আছে বুলি জানিব পৰা গৈছে।

ইয়াৰ ভিতৰত নগাওঁ জিলাতেই সৰ্বাধিক শিশু আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।

শনিবাৰৰ দিনটোলৈকে জিলাখনত ৩২ টা কোভিড আক্ৰান্ত শিশু চিকিৎসাধীন হৈ আছিল।

এডিপি কলেজৰ ক’ভিড কেয়াৰ চেণ্টাৰ, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৭ টা শিশু চিৎসাধীন হৈ থকাৰ উপৰিও জিলাখনৰ অন্যান্য চিকিৎসালয়ত কেইবাটাও শিশু চিকিৎসাধীন হৈ আছে।