শিহৰণকাৰী ঘটনা! পত্নীয়ে ব্লেডেৰে ডিঙি ৰেপি হত্যা কৰিলে স্বামীক

June 21, 2021 0 By Biraj Kalita

এক শিহৰণকাৰী ঘটনা!

পত্নীয়ে ব্লেডেৰে ডিঙি ৰেপি হত্যা কৰিলে স্বামীক।

নলবাৰীৰ গন্ধিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড।

স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি পত্নী ৰেখা দেৱীয়ে ডিঙি ৰেপি হত্যা কৰিলে স্বামীক।

সোমবাৰে পুৱা পত্নীৰ গৃহতে স্বামী দুলুমণি শৰ্মা হত্যা কৰে পত্নী ৰেখাই।

ঘটনা বিৱৰণী অনুসৰি প্ৰায়ে স্বামী আৰু স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে।

দেওবাৰে নিশাও স্বামী দুলুমনীয়ে পত্নীৰ পৰা ৫০ হাজাৰ টকা বিচাৰি কাজিয়াৰ সূত্ৰপাত কৰে।

দীৰ্ঘদিন ধৰি ঘটি থকা এনে ঘটনাৰ পিছত পত্নীৰ ঘৰলৈ আহি স্বামীয়ে সোমবাৰেও তৰ্কযুদ্ধত লিপ্ত হোৱাত পত্নীয়ে চুৰি আৰু ব্লেডেৰে স্বামীক ডিঙি ৰেপি হত্যা কৰে। 

এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ বেলশৰ আৰু নলবাৰী আৰক্ষী।আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী পত্নীক গ্ৰেপ্তাৰ কৰি বেলশৰ থানাত জেৰা চলাই আছে।

লগতে চাওকঃ

এতিয়াও মুকলি আকাশৰ তলত মাতৃ-কন্যাৰ নিষ্ঠুৰ ঘাতক, আন্দোলনত নামিব ৰাভা সংগ্ৰামী সংগঠন