শিৱ মন্দিৰত চুৰিকাণ্ড, দানপাত্ৰ ভাঙি লুটি নিলে ধন-সামগ্ৰী

December 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিশ্বনাথৰ গড়েহাগিৰ শিৱ মন্দিৰত সংঘটিত হ’ল চুৰিকাণ্ড। সোমবাৰে পুৱা পোহৰলৈ আহে এই ঘটনা।

জানিব পৰা মতে, মন্দিৰত থকা দানপাত্ৰ ভাঙি চােৰে চুৰি কৰি নিয়ে প্ৰায় ৪০-৫০ হাজাৰ টকাৰ সা-সামগ্ৰী।

পুৱতি নিশা দুৰ্বৃত্তই এই চুৰি কাণ্ড কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।

জানিব পৰা মতে, ১৯৯১ চনত স্থাপিত এই শিৱ মন্দিৰত নিতৌ হয় পূজা-অৰ্চনা।

সোমবাৰে ৰাতিপুৱা চাকি-বন্তি জ্বলাবলৈ অহা নগেন শইকীয়া নামৰ লোকজনে মন্দিৰৰ সা-সামগ্ৰী লণ্ডভণ্ড হৈ থকা দেখি গাঁওবাসীক অৱগত কৰে।

তাৰ পিছতে গাঁওবাসীয়ে স্থানীয় বিশ্বনাথ সদৰ থানাত উক্ত ঘটনাৰ খবৰ দিয়ে।

লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে যদিও এই চুৰি কাণ্ডত কোন জড়িত এই পৰ্যন্ত পোহৰলৈ অহা নাই।

ধৰ্মীয় অনুষ্ঠানত কোনে এই দুষ্কাৰ্য সংঘটিত কৰিছে আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব।

লগতে চাওকঃ চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল