শীঘ্ৰেই কাজিৰঙালৈ আহিব বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ!
December 16, 2020শীঘ্ৰেই কাজিৰঙালৈ আহিব বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ।
ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আমন্ত্ৰণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব অভিনেতাগৰাকী।
এই কথা প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে।
উল্লেখ্য যে, অভিনেতাজনে বান পানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগবঢ়াইছিল ১কোটি টকাৰ অনুদান।
এই অনুদানেৰে ৰাষ্ট্ৰীয় উদ্যানখনত হাইলেণ্ড,বনশিবিৰ, জলসংৰক্ষণৰ নতুন প্ৰকল্প নিৰ্মাণ কৰাৰ লগতে বানপানীৰ সময়ত সহায় হব পৰাকৈ দুখন নাও সাজি উলিওৱা হৈছে।
এই কামসমূহ সম্পৰ্ণ হৈলেই ফেব্ৰুৱাৰী, মাৰ্চ মাহত অভিনেতাজনক কাজিৰঙালৈ আমন্ত্ৰণ জনোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে।