শীঘ্ৰেই ঘোষণা হ’ব মেট্ৰিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী…

June 1, 2021 0 By Biraj Kalita

শীঘ্ৰেই ঘোষণা হ’ব মেট্ৰিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী।

জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয়, ‘খুব সোনকালে আমি সিদ্ধান্ত লম। বিভিন্ন সংগঠন, বিভিন্ন বুদ্ধিজীৱি, শিক্ষাবিদৰ পৰা মতামত গ্ৰহণ কৰা হৈছে। বিভিন্ন পক্ষৰ পৰা মতামত লোৱা হৈছে আৰু আজি বিয়লি ৪.৩০ বজাৰ পিছৰ পৰা এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।’

অৱশ্যে পৰীক্ষা কেনেধৰণে বা কি পদ্ধতিত অনুষ্ঠিত কৰিব সেই সম্পৰ্কত কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে শিক্ষা মন্ত্ৰী পেগুৱে।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে সংবাদমেলখনত উপস্থিত আছিল ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্ত নেওগ।

উল্লেখ্য যে, ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে স্থগিত ৰখিছিল মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ চূ়ড়ান্ত পৰীক্ষা।