শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তঃজিলা যাতায়াতঃ মুখ্যমন্ত্ৰী

May 17, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনক ভাৱে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।

অহা শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তঃজিলা যাতায়াত।

এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।