শোকাৱহ! এম্বুলেঞ্চ-এল্ট’ৰ মুখামুখি সংঘৰ্ষত দুগৰাকী লোকৰ কৰুণ মৃত্য…

June 12, 2021 0 By Biraj Kalita

এক শোকাৱহ পথ দুৰ্ঘটনা।

এম্বুলেঞ্চ-এল্ট’ৰ সংঘৰ্ষত দুগৰাকী লোকৰ কৰুণ মৃত্য।

শনিবাৰে আবেলি চিচিবৰগাঁৱৰ সমীপৰ গাই দেউৰী গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে ধেমাজিৰ দিশৰ পৰা আহি থকা এ এছ-২২-এফ-২৭৮৮ নম্বৰৰ এখন এল্ট’ ৮০০ গাড়ী আৰু ডিব্ৰুগড়ৰ পৰা ধেমাজি অভিমুখে গৈ থকা এ আৰ-০২-৬০৫৫ নম্বৰৰ এখন এ ডি আৰ এফৰ এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনাটোত এল্ট’ গাড়ীখনত থকা দুয়োজন যাত্ৰীৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এল্ট’ গাড়ীখন সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ যায়।

ঘটনাস্থলীত চিচিবৰগাঁও আৰক্ষী উপস্থিত হয়।

জানিব পৰা মতে মৃত যুৱক দুজনৰ এজন অপূৰ্ব ভূঞা আৰু আনজন জনৈক দেউৰী বুলি জানিব পৰা গৈছে।

দুয়োজনৰে ঘৰ ধেমাজিৰ ভঁৰালীচুকত বুলি প্ৰাৰম্ভিক তথ্যৰ পৰা জানিব পৰা গৈছে।

লগতে চাওকঃ

ভয়ংকৰ! দলঙৰ ৰেলিঙত উঠিল তীব্ৰবেগী ট্ৰাক, কথমপি প্ৰাণৰক্ষা চালক-হেণ্ডিমেনৰ

হাউছিং ছ’চাইটিৰ পাৰ্কিঙত ৰখাই থোৱা গাড়ী সোমাই গ’ল গাঁতত, কেমেৰাত বন্দী দৃশ্য