শোকাৱহ! কাল কৰ’ণাই একেদিনাই প্ৰাণ কাঢ়ি নিলে পিতা-পুত্ৰৰ, মাতৃ চিকিৎসাধীন…

July 2, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰী ৰূপ।

কৰ’ণাই অমানিশা নমাই আনিলে এটা পৰিয়াললৈ।

কৰ’ণাত আক্ৰান্ত হৈ একেদিনাই মৃত্যুক সাৱটিলে পিতা-পুত্ৰই।

কিছু দিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈছিল আমগুৰিৰ চাৰিঙৰ গিৰিশ দুৱৰাৰ লগতে তেওঁৰ পত্নী অনু দুৱৰা আৰু পুত্ৰ জিতু দুৱৰা।

ক’ভিড আক্ৰান্ত গিৰিশ দুৱৰা আৰু তেওঁৰ পত্নী অনু দুৱৰা ডিমৌৰ চ্যুকাফা চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিপৰীতে পুত্ৰ জিতু দুৱৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।

কিন্তু দুৰ্ভাগ্যজনক ভাৱে বৃহস্পতিবাৰে নিশা গিৰিশ দুৱৰাই শেষ নিশ্বাস ত্যাগ কৰাৰ প্ৰায় এক ঘণ্টাৰ পাছতে পুত্ৰ জিতু দুৱৰাও মৃত্যুক আকোৱালি লয়।

আনহাতে, গিৰিশ দুৱৰাৰ পত্নী অনু দুৱৰা বৰ্তমানো ডিমৌৰ চ্যুকাফা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।