শোকাৱহ ! কুঁৱা খান্দিবলৈ গৈ মাটিৰ তলত পোত গ’ল লখিমপুৰৰ দুই যুৱক…

April 11, 2021 0 By Biraj Kalita

এক শোকাৱহ ঘটনা।

কুঁৱা খান্দিবলৈ গৈ মাটিৰ তলত পোত গ’ল লখিমপুৰৰ দুই যুৱক।

অৰুণাচলৰ নাহৰলগুনৰ বৰপানীত শোকাৱহ ঘটনা।

কুঁৱা খান্দোতে প্ৰথমে মাটিৰ তলত পোত যায় এজন যুৱক, যুৱক জনক উদ্ধাৰ কৰিবলৈ গৈছিল আন জন যুৱক।

তেনে সময়তে মাটিয়ে পুতি পেলায় উদ্ধাৰ কৰিবলৈ যোৱা যুৱক জনকো।

কৰুণ মৃত্যুক সাৱতি লোৱা যুৱক দুজন লখিমপুৰৰ ফতেহপুৰৰ আব্দুল আজিজ(২৮) আৰু আব্দুল হান্নান(২৫) বুলি জানিব পৰা গৈছে।

জেচিবিৰে খান্দি উলিওৱা হয় দুয়োৰে মৃতদেহ।