শোকাৱহ! কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এগৰাকী গৰ্ভৱতী মহিলা চিকিৎসকে…
June 20, 2021ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ।
এইবাৰ ক’ভিডত আক্ৰান্ত হৈ ডিব্ৰুগড়ত মৃত্যুক সাৱটিলে এগৰাকী গৰ্ভৱতী মহিলা চিকিৎসকে।
ডিব্ৰুগড়ৰ বৰবৰুৱাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দন্ত চিকিৎসক ডাঃ চেঞ্জিং গোহাঁইৰ (৩৫) ক’ভিডত মৃত্যু।
জানিব পৰামতে চিকিৎসকগৰাকীৰ যোৱা ১৮ মে’ত প্ৰথম ক’ভিড পজিটিভ হোৱাত অসম মেডিকেল কলেজত ভৰ্তি কৰা হয় আৰু যোৱা ৬ জুনত চিকিৎসকগৰাকী সুস্থ হোৱাত ঘৰলৈ যাব দিয়া হয়।
কিন্তু পুনৰ চিকিৎসক গৰাকীৰ অক্সিজেনৰ মাত্ৰা কমি যোৱাত ১৫ জনুত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত ভতি কৰোৱা হয় যদিও শুকুৰবাৰে নিশা মৃত্যু হয়।
জানিব পৰা মতে জিলাখনৰ নাহৰকটীয়াৰ নামফাকিয়াল গাঁৱৰ বাসিন্দা চিকিৎসকগৰাকী আঠ মাহৰ গৰ্ভৱতী আছিল।