শোকাৱহ! গা ধুবলৈ গৈ সোৱণশিৰিত সলিল সমাধি তিনি যুৱকৰ…

July 22, 2021 0 By Biraj Kalita

এক শোকাৱহ ঘটনা।

গা ধুবলৈ গৈ সোৱণশিৰিত সলিল সমাধি তিনি যুৱকৰ।

নদী খনৰ বাধাকৰা দৰ্গে ঘাটত সংঘটিত হৈছে এই ঘটনা।

ঘটনাৰ বিৱৰণী মতে বৃহস্পতিবাৰে আবেলি স্থানীয় মৈদমীয়া গাঁৱৰ ছয় জন যুৱকে নদী খনৰ বাধাকৰা দৰ্গে ঘাটত গা ধুবলৈ যায়৷

প্ৰথমে ছাজাদুল হক নামৰ যুৱক জনে গা ধুবলৈ নদীত নামে৷ যুৱক জনে পানীত ককবকাবলৈ ধৰাত আদনান হাজৰিকা আৰু মামুদ হুছেইন নামৰ দুই যুৱকে তেওঁক উদ্ধাৰ কৰিবলৈ যত্ন কৰে।

কিন্তু এই দুই যুৱকো নদীৰ পানীত ডুব যায়৷ পাৰত থকা আন তিনিজন যুৱকে লগে লগে হুৱা দুৱা লগায়।

স্থানীয় ৰাইজে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে।

এছ ডি আৰ এফে অভিযান চলাই আদনান হাজৰিকা আৰু মামুদ হুছেইনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

আনহাতে ছাজাদুল হকৰ মৃতদেহ উদ্ধাৰ হোৱা নাই।

আদনান হাজৰিকাৰ বয়স ১৭ বছৰ ,ছাজাদুল হ’কৰ ২০ বছৰ আৰু মামুদ হোছেইনৰ বয়স ৩২ বছৰ।