শোকাৱহ ঘটনা! পথাৰত কাম কৰি থাকোতে বজ্ৰ পৰি যুৱকৰ মৃত্যু…

May 31, 2021 0 By Biraj Kalita

বিহালীত শোকাৱহ ঘটনা। বজ্ৰ পৰি কৰুণ মৃত্যু এজন যুৱকৰ।

বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেদেতীৰ জামুৱনীত পুৱা নিজা খেতিৰ পথাৰত কোৰেৰে আলি কাটি থকা অৱস্থাত বজ্ৰ পৰি গুৰুত্বৰভাৱে আহত হয় বেদেতীৰ জামুৱনীৰ ধন কটকী আৰু অৰুণা কটকীৰ পুত্ৰ সুনীল কটকী নামৰ এজন যুৱক।

ততাতৈয়াকৈ সুনীলক বিহালী প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় কেথলিক হাস্পাতাললৈ।

পৰৱৰ্তী সময়ত চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক।

উল্লেখ্য যে, জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ।

লগতে চাওকঃ

মৰ্মান্তিক! বিদেশত গৱেষণাত ব্ৰতী অসমৰ সম্ভাৱনাপূৰ্ণ ৰসায়ন বিজ্ঞানীৰ ক’ভিড-১৯ ত মৃত্যু