শোকাৱহ দুৰ্ঘটনাত কৰুণ মৃত্যু দুই ভাতৃৰ, তিনিমাহ পূৰ্বে একেটা দিনতে আৱদ্ধ হৈছিল বিবাহ পাশত…

June 28, 2021 0 By Biraj Kalita

এক শোকাৱহ পথ দুৰ্ঘটনা।

ডিমৌৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে দুই ভাতৃয়ে।

২৪জুনত সংঘটিত হৈছিল দুৰ্ঘটনাটো। য’ত থিতাতে নিহত হয় জ্যেষ্ঠ ভাতৃ বাবু ৰাজবংশীয়ে (২৭)।

ইপিনে ডিব্ৰুগড়ত সংকটজনক অৱস্থাত এ এম চিত চিকিৎসাধীন হৈ থাকি চাৰিটা দিনৰ পিছত অৱশেষত মৃত্যুৰে হাৰ মানিলে কণিষ্ঠ ভাতৃ ৰাজুৱে।

উল্লেখযোগ্য যে ঘটনাৰ দিনা চিলাপথাৰ শিয়াল চাপৰিৰ অনু ৰাজবংশীৰ দুই পুত্ৰ বাবু আৰু ভাতৃ ৰাজুৰ সৈতে নিজা বাইকেৰে ডিমৌৰ কৰ্মস্থানৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘৰলৈ আহি থকাৰ সময়তে ডিমৌ গোলাইত এখন বিপৰিতমুখী অ’টৰ সৈতে ভয়ংকৰ সংঘৰ্ষ হয়।

এখন ফাৰ্নিচাৰৰ কাম কৰি পৰিয়াল পোহ পাল দিয়া ভাতৃদ্বয়ে মাত্ৰ তিনিটা মাহৰ পূৰ্বে একেটা দিনতে বিবাহ পাশত আৱদ্ধ হৈছিল।

প্রাণঘাটী ঘটনাটোৱে একেটা দিনতে বিয়া কৰোৱা দুজন যুৱকৰ দুগৰাকীকৈ নৱ বোৱাৰীক বিধৱা কৰালে।

এই মৰ্মান্তিক ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।