শোকাৱহ দুৰ্ঘটনা! ডাম্পাৰৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে পলিটেকনিকৰ ছাত্ৰই…

March 8, 2022 0 By Biraj Kalita

এক শোকাৱহ পথ দুৰ্ঘটনা।

ডাম্পাৰৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে পলিটেকনিকৰ ছাত্ৰই।

ৰঙিয়াৰ ওচৰৰ ভাতকুছিত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

জানিব পৰামতে, গুৱাহাটীৰ লালগণেশ নিবাসী মহেন্দ্র বৰ্মনৰ পুত্ৰ অংশুমান বর্মনে (১৮) গুৱাহাটীৰ পৰা নিজৰ স্কুটিৰে (এ এছ ০১ ই এম ০৪৭৪) নলবাৰীৰ পলিটেকনিক ইনষ্টিটিউটলৈ গৈ আছিল।

তেনে সময়তে একে দিশৰ পৰা গৈ থকা এ এছ ২৫ ডি চি ০১৭০ নম্বৰৰ ডাম্পাৰ এখনে মহটিয়াই অংশুমানক।

ফলত অংশুমানৰ থিতাতে মৃত্যু হয়।

আনকি ডাম্পাৰৰ খুন্দাত ছাত্ৰজনৰ মুখমণ্ডল ছিন্ন-ভিন্ন হৈ যায়।