শোকাৱহ দুৰ্ঘটনা! ডাম্পাৰৰ খুন্দাত মৃত্যুক সাৱটিলে এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীয়ে…
June 30, 2021এক শোকাৱহ পথ দুৰ্ঘটনা।
ডাম্পাৰৰ খুন্দাত মৃত্যুক সাৱটিলে এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীয়ে।
বোকাখাতৰ নুমলীগড়ত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো।
নিহত ছাত্ৰীগৰাকীৰ নাম গোলাপী উৰাং।
মঙলবাৰে সন্ধিয়া নুমলীগড়ৰ টংটঙতলীত এ এচ ০৫ চি ৭১৫৬ নম্বৰৰ এখন ডাম্পাৰে তীব্ৰ বেগত পথৰ কাষেৰে চাইকেলেৰে গৈ থকা ছাত্ৰী গৰাকীক নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে।
গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰী গৰাকীক ততাতয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে ছাত্ৰী গৰাকীৰ শোকাৱহভাৱে মৃত্যু হয়।
জানিব পৰা মতে ডাম্পাৰৰ চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ ফলতে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয়।