শোকাৱহ! নদীৰ পাৰত খেলি থকাৰ সময়তে নিখোজ এটি ১০ বছৰীয়া শিশু…
July 2, 2021এটি শোকাৱহ ঘটনা।
নদীৰ পাৰত খেলি থকাৰ সময়তে নিখোজ এটি ১০ বছৰীয়া শিশু।
বুধবাৰে শোণিতপুৰৰ জীয়াভৰলী নদীৰ বাঢ়নী পানীয়ে দহ বছৰীয়া কনমানি শিশুটিক উটুৱাই নিয়ে।
সন্ধানহীন শিশুটো হৈছে চাৰিদুৱাৰৰ ধাৰিকাটি পালেং গাঁও নিবাসী বিৰেন টাইডৰ পুত্ৰ শনুজ টাইড (১০)।
নদীৰ পাৰত খেলি থকা অৱস্থাত নদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে৷
নদীত নিখোজ হোৱা দহ বছৰীয়া শিশুটো ধাৰিকাটী মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠমানৰ ছাত্ৰ আছিল৷
বিগত দুদিন ধৰি চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত আৰু SDRF বাহিনীয়ে শিশুটোৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
সংবাদদাতাঃ আনোৱাৰ আহমেদ, জামুগুৰিহাট।