শোকাৱহ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু-আহত ১৩, প্ৰধানমন্ত্ৰীৰ শােক প্ৰকাশ

February 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা দেওবাৰে সংঘটিত হয় উৰিষ্যাৰ কৰাপুত জিলাৰ কটপাদত।

দুৰ্ঘটনাটোত ৯ জন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় ১৩ জন।

খবৰ অনুসৰি যাত্ৰী কঢ়িয়াই অনা এখন পিক আপ ভানৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

ঘটনা অনুসৰি বাহন খনৰ যাত্ৰী সকল উৰিষ্যাৰ সিংহীগোড়া গাৱঁৰ পৰা ছত্তীশগড়ৰ কুলটা গাৱঁলৈ আহি আছিল। কিন্তু উৰিষ্যাৰ কৰাপুত জিলাৰ কটপাদ পাওঁতেই সুৰাসক্ত চালকজনে গাড়ীখনৰ অভাৰ টাৰ্ণিং কৰোঁতেই বাগৰি পৰে গাড়ী খন।

ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় জিলা দণ্ডাধীশ আৰু সহকাৰী উপায়ুক্ত। আহত সকলৰ কেইজনমানক লক্ষ্মণ নায়ক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু কেইজন মানক কটপাদ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। আহত ৪ জনক যোগদালপুৰ চিকিৎসালয়লৈও প্ৰেৰণ কৰা হয়।

বাহন খনত মুঠ ৩০ জন যাত্ৰী আহিছিল যদিও ঘটনাস্থলীত থিতাতে ৭ জন নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়ত নিহত হয় দুজন।

এই শোকাৱহ দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লগতে আহত সকলৰ দ্ৰুত উন্নতি কামনা কৰিছে। উল্লেখ্য যে নিহতৰ পৰিয়াললৈ ২ লাখকৈ টকা প্ৰদানৰ ঘােষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে।

লগতে চাওকঃ

সাগৰৰ গভীৰতাত সম্পন্ন হ’ল বিবাহ! প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা নৱ দম্পতীৰ

চৰকাৰ বিৰােধী ধৰ্ণা-প্ৰতিবাদত অংশ ল’লে নাপাব চৰকাৰী চাকৰি!

মহিলা আৰক্ষী বিষয়াৰ মানৱীয় পদক্ষেপ! বৃদ্ধৰ মৃতদেহ তুলি লৈ গ’ল কান্ধত, কৰিলে সৎকাৰ

সেনাৰ বাহনত সন্তান প্ৰসৱ কৰিলে এগৰাকী প্ৰসূতিয়ে!