শোকাৱহ পথ দুৰ্ঘটনা! বাইক দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে কলেজীয়া ছাত্ৰ অভিজিতে…

March 9, 2022 0 By Biraj Kalita

এক শোকাৱহ পথ দুৰ্ঘটনা।

কলেজলৈ গৈ থকা অৱস্থাত বাইক দুৰ্ঘটনাত থিতাতে নিহত এজন ছাত্ৰৰ।

ৰহাৰ গড়মাৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

মৃত ছাত্ৰজন গছপাৰ গৰোৱানীপাৰৰ অভিজিৎ নাথ বুলি জানিব পৰা গৈছে।

ৰহা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ অভিজিৎ নাথ।

ৰাতিপুৱা এএছ০২এ এফ৪১৮৪ নম্বৰৰ বাইকেৰে কলেজলৈ আহি থকা অৱস্থাত এখন বালি ভৰ্তি ট্ৰাকৰ খুন্দাত ছাত্ৰজন বাইকসহ চিটিকি গৈ পথৰ ওপৰতে পৰি থিতাতে নিহত হয়।

উল্লেখ্য যে ৰহাত দিনে নিশাই অবৈধভাৱে চলি আছে বালি সৰবৰাহ।

কিন্তু ৰহস্যজনকভাৱে বালি চিণ্ডিকেটৰ বিৰুদ্ধে নিমাত বন বিভাগ কিম্বা আৰক্ষী।।