শোকাৱহ! পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটিলে এজন যুৱকে…
March 8, 2022এক শোকাৱহ ঘটনা।
পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটিলে এজন যুৱকে।
ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ঔজাৰীত সংঘটিত হৈছে এই কৰুণ ঘটনা।
মৃত যুৱকজন হেমন্ত ডেকা বুলি জানিব পৰা গৈছে।
নিশাৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন।
দিনৰ ভাগত মৃতদেহ পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰে।
স্থানীয়লোকে সন্দেহ কৰা অনুসৰি সুৰাসক্ত হৈ পুখুৰীৰ পাৰেৰে ওচৰৰে এখন বিবাহ অনুষ্ঠানত ভাগ ল’বলৈ যাওঁতে পিছলি পুখুৰীত পৰি মৃত্যু হয় যুৱকজনৰ।