শোকাৱহ! প্ৰাক্তন বিধায়ক জিতেন গগৈৰ পোহনীয়া হাতীৰ আক্ৰমণত কিশোৰৰ মৃত্যু…
July 8, 2021এক শোকাৱহ ঘটনা!
বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ পোহনীয়া হাতীৰ আক্ৰমণত কিশোৰৰ মৃত্যু।
বৃহস্পতিবাৰে বোকাখাতৰ নাহৰজান চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা।
বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ পোহনীয়া হাতীৰ আক্ৰমণত থিতাতে প্ৰাণ যায় নাহৰজান চাহ বাগিছাৰ বিটু গড় নামৰ কিশোৰজনৰ।
বাগিছাখনলৈ যোৱা বিটু গড় নামৰ যুৱকজনক পোৱালী থকা হাতী জনীয়ে আক্ৰমণ কৰি হত্যা কৰে।
পোৱালীটোৰ বাবেই হাতীজনীয়ে বিটু গড়ক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে৷
ইয়াৰ পাছতে কিশোৰজনৰ মৃতদেহটো সমীপতে থকা জিতেন গগৈৰ জ্ঞানদ্বীপ নামৰ বাগিছাৰ বাসগৃহৰ সন্মুখত ৰাখি বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে প্ৰাক্তন বিধায়ক জিতেন গগৈক গ্ৰেপ্তাৰৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে।
পিছত বিক্ষোভ থলীত উপস্থিত হৈ বোকাখাতৰ মহকুমাধিপতিয়ে উচিত তদন্তৰ আশ্বাস প্ৰদান কৰাতহে পৰিস্থিতি শান্ত হয়।
উল্লেখ্য যে, জিতেন গগৈৰ এই হাতী জনীয়ে ইয়াৰ পুৰ্বেও দুজন লোকক হত্যা কৰিছিল।