শোকাৱহ! বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ…

June 14, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত।

এইবাৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ পুত্ৰৰ।

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ বগীধলা চাহ বাগিচাত দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা।

নিহত মহিলাগৰাকী ৰীতা তাঁতী বুলি জানিব পৰা হৈছে৷

আনহাতে হাতীৰ আক্ৰমণত মহিলাগৰাকীৰ ৮ বছৰীয়া সন্তান ৰূপম তাঁতী গুৰুতৰভাৱে আহত হয়।

বুকু আৰু হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰূপমক অচেতন অৱস্থাত ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে

লগতে বনৰীয়া হাতীৰ জাকে বগীধলা চাহ বাগিচাৰ শ্ৰমিক লাইনত প্ৰৱেশ কৰি তাণ্ডৱ চলাই তিনিটাকৈ বাসগৃহ লণ্ড-ভণ্ড কৰে৷

হাতীৰ জাকটোৱে সন্তানৰ সৈতে নিদ্ৰাৰত অৱস্থাত থকা ৰীতা তাঁতী নামৰ মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰে৷

ইপিনে বকিয়াল খণ্ড বন বিভাগ আৰু নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে বন বিভাগক ক্ষুব্ধ শ্ৰমিকে উভতি ধৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

বন বিভাগৰ লোকসকলে উপায়ন্তৰ হৈ সেই স্থানৰ পৰা পলায়ন কৰে ।

ইয়াৰ পিছতে বগীধলাৰ শ্ৰমিক ৰাইজে পোৰাবঙলাৰ বকিয়াল বন কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।