শোকাৱহ! বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাবটিলে মহিলাই…
April 2, 2022এক শোকাৱহ ঘটনা।
বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাবটিলে এগৰাকী মহিলাই।
কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত ১ নং চৌটাকী গাৱঁত সংঘটিত হৈছে এই কৰুণ ঘটনা।
বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা মহিলা গৰাকীৰ নাম সুশীলা বাছকে বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণ অনুসৰি, মহিলা গৰাকীয়ে বৃহস্পতিবাৰে পুৱা নিজ ঘৰৰ ভিতৰতে অসংলগ্ন হৈ পৰি থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰ আতৰাবলৈ গৈছিল।
ঠিক তেনে সময়তেই দুৰ্ঘটনাবশতঃ বিদ্যুৎপৃষ্ট হয় আৰু মহিলাগৰাকী থিতাতে মৃত্যু হয়।
আত্মীয় সকলৰ ভাষ্য অনুসৰি মৃত মহিলা গৰাকীক বচাবলৈ গৈ আন দুগৰাকী লোক কম বেছি পৰিমাণে আহত হয়।
৫২ বছৰ বয়সীয়া এই মহিলা গৰাকীৰ মৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।