শোকাৱহ! ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা স্কুটী আৰোহীৰ, থিতাতে নিহত যুৱক…

May 31, 2021 0 By NEWS DESK

গোৱালপাৰা জিলাৰ ৰংজুলিৰ কাচাদল’ত ভয়ংকৰ পথ দুৰ্ঘটনা।

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা স্কুটী আৰোহীৰ। থিতাতে নিহত স্কুটী আৰোহী যুৱক।

নিহত যুৱক জন দৰংগিৰি-দুৰামাৰী গাঁৱৰ লক্ষ্যজ্যোতি ৰাভা বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত কৰা স্কুটী খন পঞ্জীয়ন নম্বৰবিহীন নতুন হোৱাৰ বিপৰীতে ৰৈ থকা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ – AS 01-DC 9914।

ঘটনাৰ খবৰ পোৱা লগে লগে দৰংগিৰি আৰক্ষীয়ে বাহনসহ যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায়।

দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে ট্ৰাকৰ পিছফালে খুন্দিওৱা স্কুটীখন ট্ৰাকৰ ভিতৰত সোমাই পৰে। 

লগতে চাওকঃ

মৰ্মান্তিক! বিদেশত গৱেষণাত ব্ৰতী অসমৰ সম্ভাৱনাপূৰ্ণ ৰসায়ন বিজ্ঞানীৰ ক’ভিড-১৯ ত মৃত্যু