শোৱাপাটীতেই কনিষ্ঠ ভাতৃয়ে ঘপিয়াই হত্যা কৰিলে জ্যেষ্ঠ্য ভাতৃক…
June 5, 2021শুই থকা অৱস্থাতে কনিষ্ঠ ভাতৃয়ে ঘপিয়াই হত্যা কৰিলে জ্যেষ্ঠ্য ভাতৃক।
গোলাঘাট জিলাত সংঘটিত হৈছে এক নিশংস হত্যাকাণ্ড।
গোলাঘাটৰ ভুলুকীটিং চাহ বাগিছাত এইদৰে ভাতৃয়ে নিশংসভাৱে হত্যা কৰিলে ভাতৃক।
বোবাই ৰাজপুত নামৰ ব্যক্তিজনে পুৱা শোৱাপাটিতে ককায়েক অতুল ৰাজপুতক চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰে।
মাটি বাৰী তথা পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
পৰৱৰ্তীসময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী বোবাই ৰাজপুতক গ্ৰেপ্তাৰ কৰে।
লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত আগবঢ়াইছে।