শ্বহীদ পদ্ম বাহাদুৰ শ্ৰেষ্ঠৰ নামত নিৰ্মাণ হ’ব পথ…
May 31, 2021ভাৰত-পাক সীমান্তত সন্ত্ৰাসবাদীৰ হাতত শ্বহীদ হোৱা গোলাঘাট জিলাৰ বৰপথাৰৰ বীৰ পদ্ম বাহাদুৰ শ্ৰেষ্ঠৰ নামত নিৰ্মাণ হ’ব পথ৷
ইতিমধ্যে পথটোৰ নিৰ্মাণৰ বাবে চলিছে প্ৰস্তুতি।
শ্বহীদ জোৱানজনৰ ঘৰলৈ যোৱা পথচোৱা শ্বহীদ পদ্ম বাহাদুৰ শ্ৰেষ্ঠৰ নামেৰে নামাকৰণ কৰা হ’ব।
থচোৱাৰ নিৰ্মাণৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বলিষ্ঠ পদক্ষেপত মুখ্যমন্ত্ৰীয়ে পুঁজি অনুমোদন জনোৱাৰ কথা জানিব পৰা গৈছে৷
উল্লেখ্য যে, ২০১৯ চনৰ ২০ অক্টোবৰত ভাৰত-পাক সীমান্তত দেশ মাতৃৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থাকোতে সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হৈছিল সৰুপথাৰৰ বৰপথাৰৰ হাতিগুলী গাঁৱৰ বীৰ সন্তান হাবিলদাৰ পদম বাহাদুৰ শ্ৰেষ্ঠ।