শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত দুৰ্ধৰ্ষ অপৰাধী ৰাজু বৰুৱা ওৰফে গেৰজাইক গ্ৰেপ্তাৰ আৰক্ষীৰ
September 26, 2021নিউজ ডেস্ক। ঢকুৱাখনাত কুখ্যাত অপৰাধী গেৰজাইক গ্ৰেপ্তাৰ।
হত্যা,ধৰ্ষণ, অপৰহৰণকে আদি কৰি একাধিক বেআইনী কাৰ্যকলাপৰ লগত জড়িত দুৰ্ধৰ্ষ অপৰাধী গেৰজাইক গ্ৰেপ্তাৰ কৰিছে ঢকুৱাখনা আৰক্ষীয়ে।
গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগড়া অঞ্চলত প্ৰায় ছ মাহ পূৰ্বে লখিমপুৰৰ পূৰ্ণ দত্তৰ হত্যা কাণ্ডৰ সৈতে জড়িত আছিল ঢকুৱাখনাৰ জালভাৰিৰ গেৰজাই ওৰফে ৰাজু বৰুৱা।
ঢকুৱাখনা সদৰ থানাৰ অ’চি নিৰঞ্চজন বৰুৱা আৰু মহকুমাআৰক্ষী বিষয়া সৌমাৰজ্যোতি ভূঞাৰ নেতৃত্বত চলা এক অভিযান কালত দুৰ্ধৰ্ষ হত্যাকাৰীটোক ঢকুৱাখনা থানাৰ অন্তৰ্গত কপৌহুৱা গাঁৱৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নিশা প্ৰায় দহ বজাত।
উল্লেখ্য যে আৰক্ষীৰ ৰাবাৰ গুলীত গুৰুতৰভাৱে আহত হোৱা গেৰজাইক নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।