শ্মশানৰ সমীপৰ হাবিত উদ্ধাৰ দেৱী দুৰ্গাৰ প্ৰতিমা! তীব্ৰ কৌতূহল

January 4, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শ্মশানৰ সমীপৰ হাবিত কাম কৰি থকা অৱস্থাত শ্ৰমিকে উদ্ধাৰ কৰিলে দেৱী দুৰ্গাৰ এটা ধাতৱ মূৰ্তি।

এই ঘটনাক লৈ তীব্ৰ কৌতূহল বিৰাজ কৰিছে ধুবুৰীৰ চাপৰৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত।

জানিব পৰা মতে, চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোচা অঞ্চলত উদ্ধাৰ হৈছে এই মূৰ্তিটাে।

স্থানীয় ঐতিহাসিক বুঢ়া-বুঢ়ী ধাম মন্দিৰৰ পিছফালে থকা শ্মশানৰ ওচৰৰ হাবিত একাংশ শ্ৰমিকে কাম কৰি থকা অৱস্থাত এই মূৰ্তিটো প্ৰত্যক্ষ কৰে।

লগে লগে শ্ৰমিকসকলে এই বিষয়ে মন্দিৰৰ পৰিচালনা সমিতিক অৱগত কৰে।

মূৰ্তিটােত সোণৰ প্ৰলেপ থকা বুলি সন্দেহ কৰিছে স্থানীয় লােকে, যাৰ বাবে মূৰ্তিটাে পৌৰাণিক চৰ্চিত হৈছে অঞ্চলজুৰি।

মন্দিৰ সমিতিয়ে মূৰ্তিটো উদ্ধাৰ কৰি সম্প্ৰতি বুঢ়া-বুঢ়ী ধামত সংৰক্ষণ কৰি ৰাখিছে।

এই খবৰ অঞ্চলজুৰি বিয়পি পৰাত বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে।