শ্ৰমিকক কঢ়িওৱা ট্ৰাক দুৰ্ঘটনাত পতিত, নিহত ১-আহত ২৬

December 8, 2021 0 By NEWS DESK

চিলাপথাৰৰ চিলিত ভয়ংকৰ পথ দুৰ্ঘটনা।

চিলিত পথৰ ওপৰতে বাগৰি পৰিল এখন শ্ৰমিক কঢ়িয়াই অনা ট্ৰাক।

দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে ২৬ জন লোক আহত।

বুধবাৰে পুৱা প্ৰায় ১০.৩০ বজাত চিলাপথৰাৰ চিলিত হাইস্কুলৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

সীমান্তৰ পথ নিৰ্মাণ কৰা শ্ৰমিক কঢ়িয়াই অনা WB 65C 2654 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে।

দুৰ্ঘটনাটোত এজন শ্ৰমিক নিহত হোৱাৰ লগতে আন ২৬ গৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হয়।

আহতসকলৰ বেছিভাগৰেই অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা অনুসৰি, পশ্চিমবংগৰ পৰা উক্ত শ্ৰমিকসকল ৰে’লেৰে আহি জোনাইত উপস্থিত হৈছিল।

আজি পুৱাই এইসকল শ্ৰমিকক সীমান্ত পথ নৰ্মাণ সংস্থা উক্ত ট্ৰাকখনেৰে চিলা পথাৰলৈ আনি থকা অৱস্থাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

মৃত ব্যক্তিজনৰ লগতে আহতসকলৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই।

লগতে চাওকঃ

ভাৰতৰ চীফ অব্ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ হেলিকপ্টাৰৰ দুৰ্ঘটনাগ্ৰস্ত, হতাহতৰ আশংকা