শৰাইঘাট দলঙৰ ৰেলিঙত প্ৰচণ্ড খুন্দা তীব্ৰ বেগী ট্ৰেইলাৰৰ
July 29, 2021নিউজ ডেস্ক। শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা।
মংগলবাৰে নিশা সংঘটিত এই পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হ’ল এখন ট্ৰেইলাৰ ট্ৰাক।
শৰাইঘাট দলঙৰ ৰেলিঙত প্ৰচণ্ড খুন্দা মাৰে তীব্ৰ বেগী ট্ৰেইলাৰখনে।
জানিব পৰা মতে, বাইহাটাৰ পৰা গুৱাহাটী অভিমুখী আছিল এনএল-০১ জি-১৯০০ নম্বৰৰ অট’ভৰ্তী ট্ৰেইলাৰখন।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চালকজন।
দুৰ্ঘটনাটোৰ ফলত বাহনখনৰ লগতে শৰাইঘাট দলঙৰ এটা অংশ বিস্তৰ ক্ষতিসাধন হয়।
ঘটনাস্থলীত আমিনগাঁও আৰক্ষী উপস্থিত হৈ চালকসহ বাহনখন উদ্ধাৰ কৰি ততাতৈয়াকৈ আহত চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।