ষষ্ঠ অনুসূচীৰ দাবীৰে পুনৰ আন্দোলনৰ ঘোষণা ৩ ৰাভা জাতীয় সংগঠনৰ

March 23, 2022 0 By NEWS DESK

নিউজ ডেস্ক। সংবিধানৰ ষষ্ঠ অনুসূচীৰ দাবীৰে পুনৰ আন্দােলনত নামিব ৰাভা সংগ্ৰামী সংগঠন।

শাসনাধিষ্ঠিত বিজেপি-ইউপিপিএল মিত্ৰজােঁটৰ চৰকাৰে প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰাত ক্ষােভিত হৈ পৰিছে ৰাভা জনগােষ্ঠীৰ শীৰ্ষ জাতীয় সংগঠনসমূহ।

গােৱালপাৰা জিলাৰ দুধনৈত নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, নিখিল ৰাভা মহিলা পৰিষদৰ গোৱালপাৰা জিলা সমিতি আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে এখন সংবাদমেলৰ জৰিয়তে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

সংবাদমেল সম্বোধন কৰি ৰাভা সংগঠনৰ জিলা সমিতিৰ নেতৃবৃন্দই অভিযােন কৰি কয় যে বিগত প্রায় ছটা বছৰে বিজেপি চৰকাৰখনে ৰাভা হাছং এলেকাৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰা আৰু ৰাভা হাছংবাসীৰ দীৰ্ঘদিনীয়া দাবী ‘ষষ্ঠ অনুসূচী’ প্রদান কৰাৰ কেৱল প্ৰতিশ্ৰুতিহে দিলে।

সেই প্রতিশ্ৰুতিসমূহ কিন্তু সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে এই তিনি সংগঠনে অহা ২ এপ্ৰিলৰ পৰা ২৬ মে’ লৈকে প্রায় দুমহীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

ঘোষিত আন্দোলনৰ কাৰ্যসূচীসমূহ এনেধৰণৰ- অহা ২ এপ্ৰিলত গোৱালপাৰা জিলাৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জোঁৰ সমদল, ৬ এপ্রিলৰ পৰা ১০ এপ্ৰিললৈকে জয়ৰামকুছিৰ পৰা ধূপধৰালৈকে চাইকেল ৰেলী উলিওৱা হ’ব। ২২ এপ্ৰিলত গোৱালপাৰা জিলাৰ শ’লমাৰী, দুধনৈ, ধূপধৰাত ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখলৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

২৬ এপ্ৰিলৰ পৰা ২২ মে’ লৈকে জিলাখনৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জনসম্পর্ক যাত্রা, ২৪ মে’ৰ পৰা ২৬ মে’লৈ জয়ৰামকুছিৰ পৰা ধূপধৰালৈকে বাইক ৰেলী উলিওৱা হ’ব।

আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি সংগঠনকেইটাৰ নেতৃত্বই কয়— চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে আমাৰ এই আন্দোলন, এই আন্দোলনৰ পিচতো যদি বিজেপি চৰকাৰখনে দাবী বা সমস্যাসমূহ সমাধানত গুৰুত্ব প্রদান নকৰে, তেন্তে আগত সময়ত চৰকাৰী কাৰ্যালয়ৰ সন্মুখত ধর্ণা, সর্বাত্মক গোৱালপাৰা জিলা বন্ধ আৰু অৰ্থনৈতিক পথ অৱৰোধৰ দৰে জংগী আন্দোলন গঢ়ি তোলা হ’ব।

ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাগৃহত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিৰঞ্জন ৰাভা, সম্পাদক তিলক ৰাভা, জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্রী মনোমা ৰাভা, সম্পাদিকা কবিতা ৰাভা, জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰাভা, সম্পাদক ভবেন ৰাভাৰ উপৰি তিনিওটা জিলা সংগঠনৰ বিষয়ববীয়াসকল।