সংখ্যালঘু সম্প্ৰদায়ে গ্ৰহণ কৰক পৰিয়াল পৰিকল্পনা নীতিঃ মুখ্যমন্ত্ৰী

June 11, 2021 0 By Biraj Kalita

চৰকাৰৰ ৩০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সংখ্যালঘু সম্প্ৰদায়ক দৰিদ্ৰতা হ্ৰাস কৰিবলৈ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এক “উপযুক্ত পৰিয়াল পৰিকল্পনা নীতি” গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এইক্ষেত্ৰত সম্প্ৰদায়টোৰ সকলো লোকে আগবাঢ়ি আহিব লাগিব আৰু সমাজত দৰিদ্ৰতা হ্ৰাস কৰাত চৰকাৰক সমৰ্থন কৰিব লাগিব বুলি মন্তব্য কৰি সমাজৰ এই দৰিদ্ৰতাৰ বাবে জনসংখ্যাৰ অবিৰত বৃদ্ধিকে মুখ্য কাৰণ হিচাপে অভিহিত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

তেওঁ লগতে কয়, ‘চৰকাৰ সকলো দৰিদ্ৰ লোকৰ অভিভাৱক কিন্তু জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্ৰদায়ৰ সমৰ্থনৰ প্ৰয়োজন৷ দৰিদ্ৰতা, নিৰক্ষৰতাৰ মূল কাৰণ সঠিক পৰিয়াল পৰিকল্পনাৰ অভাৱ।’

মুখ্যমন্ত্ৰী গৰাকীয়ে জনায় যে, তেওঁৰ চৰকাৰে সংখ্যালঘূ সম্প্ৰদায়ৰ মহিলাসকলক শিক্ষিত কৰাৰ দিশত কাম কৰিব যাতে, এই সমস্যাৰ কাৰ্যকৰীভাৱে মোকাবিলা কৰিব পৰা যায়।