সংখ্যালঘু সম্প্ৰদায়ৰ ডেৰশ বিশিষ্ট নাগৰিকৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, উন্নয়নৰ বাবে আঠটা উপ-গোট গঠন…

July 5, 2021 0 By Biraj Kalita

ডেৰশকৈও অধিক সংখ্যালঘু সম্প্ৰদায়ৰ বিশিষ্ট নাগৰিকৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূ্ৰ্ণ বৈঠক সম্পন্ন।

খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই মূলতঃ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়টোৱে সন্মুখীন হৈ অহা বিভিন্ন বিষয়ত আলোচনা কৰে।

সংখ্যালঘু সম্প্ৰদায়টোৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই আঠটা উপ-গোট গঠন কৰাৰ কথা উল্লেখ কৰি কয় যে, এটা উপ-গোটে স্বাস্থ্যৰ ওপৰত কাম কৰিব, এটা গোটে শিক্ষাৰ ওপৰত কাম কৰিব, এটা উপ-গোটে জনসংখ্যা স্থিৰকৰণৰ ওপৰত কাম কৰিব, এটা উপ গোটে সাংস্কৃতিক পৰিচয়ৰ ওপৰত কাম কৰিব, এটা উপ-গোটে বিত্তীয় অন্তৰ্ভুক্তিৰ ওপৰত কাম কৰিব, এটা উপ-গোটে মহিলা সৱলীকৰণৰ ওপৰত কাম কৰিব আৰু এটা উপ-গোটে দক্ষতা বিকাশৰ ওপৰত কাম কৰিব।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- এই উপ-গোটবোৰে সমগ্ৰ বিষয়বোৰ আলোচনা কৰি ৩ মাহৰ পিছত পুনৰ এক আলোচনাৰ মাজেৰে পৰৱৰ্তী ৫ বছৰৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰিব।

লগতে শৰ্মাই কয়- অসমৰ কিছু অংশত ভয়াবহ জনসংখ্যা বিস্ফোৰণ ঘটি

ছে। যিয়ে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত ব্যাপক ভাবুকিৰ সৃষ্টি কৰিছে। যদিহে অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰিব লাগে তেন্তে আমি আমাৰ জনসংখ্যা বিস্ফোৰণ নিয়ন্ত্ৰণ কৰিব লাগিব।