সংঘৰ্ষৰ পাছত ই-ৰিক্সাত সােমাই পৰিল তীব্ৰবেগী বাইক!

December 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। সংঘৰ্ষৰ পাছতে ই-ৰিক্সাত সােমাই পৰিল এখন তীব্ৰবেগী বাইক।

এই ঘটনাৰ স্থান কামৰূপ জিলাৰ ৰঙিয়াৰ ভাতকুছিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

জানিব পৰা মতে, ভাতকুছিৰ পৰা ৰঙিয়া হাইএৱে চ’কলৈ গৈ থকা এখন ই-ৰিক্সাত এখন বাইকে খুন্দা মাৰি ই-ৰিক্সাখনৰ ভিতৰত সোমাই যায় ফলত বাইক চালকজন বহু দূৰলৈ চিটিকি গৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এএছ ১৫ এন৭৪২৩ বুলি জানিব পৰা গৈছে।

আনহাতে, দুৰ্ঘটনাগ্ৰস্ত ই-ৰিক্সাখনৰ চালকজনো কিছুপৰিমাণে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজৰ সহযোগত ১০৮ এম্বুলেঞ্চ সেৱা যোগে দুয়োগৰাকীকে চিকিৎসালয়লৈ লৈ যায়।

লগতে চাওকঃ

বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ প্ৰেমিকৰ, প্ৰতিশােধ ল’বলৈ ভয়ংকৰ কাণ্ড কৰিলে অন্তঃসত্বা প্ৰেমিকাই