স্ক’ৰ্পিঅ’ বাহনেৰে গৰু চুৰি কৰি আৰক্ষীৰ জালত পৰিল এজন

July 21, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। চিৰাং আৰক্ষীৰ জালত বিলাসী গাড়ীৰ সৈতে গৰু চোৰ।

দেওবাৰে দুটা গৰুসহ এটা গৰুচোৰক আৰক্ষীয়ে আটক কৰে।

জিলাখানৰ ৰোৱনীখাতৰ পৰা ঢালিগাঁও আৰক্ষীয়ে আটক কৰে গৰু চোৰটোক।

বাকীকেইটা চোৰ পলাই যাৱলৈ সক্ষম হয় যদিও সোমবাৰে নিশা ঢালিগাঁও আৰক্ষীয়ে তদন্ত কৰি আন তিনিজন লোকক সোধ-পোছৰ বাবে আটক কৰে।

উল্লেখ্য যে জব্দকৃত এএছ০১টি ০০২২ নম্বৰৰ বাহনখন পঞ্জীয়ন হৈ আছে এডিচনেল প্ৰিন্সিপাল চেক্ৰেটাৰীৰ নামত।

ইয়াক লৈও সৃষ্টি হৈছে আন এক ৰহস্যৰ।

আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব সকলো প্ৰকৃত তথ্য।

বিলাসী বাহনেৰে চৰাঞ্চলৰ পৰা চুৰি কৰি অনা গৰুসমূহ ভাৰত-ভূটান সীমান্তৰ ভিতৰুৱা অঞ্চলত বিক্ৰী কৰে বুলি ধৃত কুমুদ নাৰ্জাৰীয়ে স্বীকাৰ কৰে।