সচিবালয়ৰ ভিতৰত চুৰিকাণ্ড! প্ৰাক্তন মন্ত্রী ফণীভূষন চৌধুৰীৰ বাহন চুৰি, তিনিজনক আটক…
July 17, 2021অসম সচিবালয়ৰ ভিতৰত চাঞ্চল্যকৰ চুৰিকাণ্ড।
কটকটীয়া নিৰাপত্তা বেষ্টনী থকাৰ মাজতে সংঘটিত হয় এই চুৰিকাণ্ড।
প্ৰাক্তন মন্ত্রী তথা বিধায়ক ফণীভূষন চৌধুৰীৰ বাহন চুৰি।
কটকটীয়া নিৰাপত্তা থকাৰ পাছতো চোৰে চুৰি কৰি লৈ যায় মন্ত্ৰীৰ বাহন।
ঘটনা সন্দৰ্ভত তিনিজন লোকক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।
হাৰেজ আলী, আৰিফুল আলী আৰু ছফিকুল আহমেদ নামৰ তিনিজনক আটক কৰিছে আৰক্ষীয়ে।
দিছপুৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ফণীভূষন চৌধুৰীৰ গাড়ীৰ চুৰি ঘটনা।
চুৰি কৰি নিয়া বাহনখন নুমলীগড়ত দুৰ্ঘটনাগস্ত হোৱাৰ পাছতে পোহৰলৈ পোহৰলৈ আহে সমগ্র ঘটনা।
বাহনখনৰ চালকে চুৰি কৰি লৈ গৈছিল বাহনখন।