সজীৱ গুলীসহ আৰক্ষীৰ জালত অৰুণাচলী যুৱক…
March 26, 2022সজীৱ গুলীসহ আৰক্ষীৰ জালত অৰুণাচলী যুৱক।
গহপুৰ মাগনিৰ পৰা তিনিজাঁই সজীব গুলী সহ অৰুণাচলী যুৱকক আটক কৰিছে গহপুৰ আৰক্ষীয়ে।
আটকাধীন যুৱকজন অৰুণাচলৰ ইছকামিং জিলাৰ ডিকি্কট টাবাং বাগাং বুলি জানিব পৰা গৈছে।
মাগনি অঞ্চলত সজীৱ গুলীসহ যুৱকজনে চলা-ফুৰা কৰি থকাত আৰক্ষীয়ে হাতেলোটে ধৰে পেলায়।
কি উদ্দেশ্যেৰে উক্ত স্থানত যুৱকজনে লগত সজীৱ গুলী ৰাখি ঘূৰি-ফুৰি আছিল সেয়া তদন্তৰ অন্ততহে পোহৰলৈ আহিব।
বৰ্তমান ঘটনা সন্দৰ্ভত যুৱকজনক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।