সততাৰ পুৰস্কাৰঃ হোম গাৰ্ড বৰচিং বে’ক অসম আৰক্ষী কনিষ্টবল পদত নিযুক্তি…

June 24, 2021 0 By Biraj Kalita

সততাৰ পুৰস্কাৰ হোম গাৰ্ড বৰচিং বে’ই।

হোম গাৰ্ড বৰচিং বে’ক অসম আৰক্ষী কনিষ্টবল পদত নিযুক্তি।

অৱশ্যে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

আজিয়ে আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ সম্ভাৱনা।

ইতিমধ্যে ড্ৰাগছ ব্যৱসায়ী ধৰাই দিয়া বাবে ডিজিপি ভাস্কৰজ্যোতি মহন্তই ১লাখ টকাৰে পুৰস্কৃত কৰিছে বৰচিং বে’ক।

অতি শীঘ্ৰেই বে’ হ’ব অসম আৰক্ষীৰ কনিষ্টবল।

এই ইংগিত প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

উল্লেখ্য যে,  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক অধিক গতিশীল আৰু দায়বদ্ধশীল কৰি তোলাৰ লক্ষ্যৰে যি পদক্ষেপ গ্ৰহণৰ উদ্যোগ লৈছিল সেই উদ্যোগক এনেবোৰ ঘটনাই নতুন গতি দিব বুলি বিশ্বাস কৰা যায়।