সত্ৰাধিকাৰৰ বিৰুদ্ধে বিৰূপ মন্তব্যঃ ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে কমলাকান্ত বৰাই…

June 6, 2021 0 By Biraj Kalita

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীকলৈ সামাজিক মাধ্যম ফেচবুকত বিৰূপ মন্তব্য কৰি তুচ্ছ-তাচ্ছিল্য কৰিছিল কমলাকান্ত বৰাই।

সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীক লৈ সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাকলৈ মাজুলী দল সংগঠন সচেতন ৰাইজ জাঙুৰ খাই উঠিছিল।

আনকি ২মে’ত কমলাবাৰী থানাত গোচৰ ৰুজু কৰিছিল আউনীআটী সত্ৰৰ মুক্তিয়াৰ ৰিংকু মণি দত্তই।

এই এজাহাৰৰ ভিত্তিতে শনিবাৰে নিশা আৰক্ষীয়ে ৬৪/২১ u/s ২৯৪(a)/৫০০/৫০৬/৩৪/IPC r/w sec ৬৭ আই টি এক্ট ধাৰাত গোচৰ ৰুজু কৰি কমলাকান্ত বৰাক গুৱাহাটীত আটক কৰি মাজুলী থানালৈ আনি সোধা-পোছা কৰিছিল।

 দেওবাৰে গোচৰীয়া পক্ষৰ হৈ মাজুলীৰ ছাত্র সন্থাৰ প্ৰতিনিধি, যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ ভূঞা, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত ভূঞা,সাংবাদিক সন্থাৰ কেইবাজনো সদস্য, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজুলী জিলাৰ প্ৰতিনিধি ৰ লগতে দল সংগঠন সাংবাদিক সচেতন ৰাইজে এখন সভা আয়োজন কৰে।

উক্ত সভাতে সিদ্ধান্ত গ্ৰহণ কৰি অভিযুক্ত কমলা কান্ত বৰাক মাতি আনে আৰু সকলোৰে সন্মুখত দোষ স্বীকাৰ কৰি দল-সংগঠনৰ মতত সন্মতি প্ৰকাশ কৰে।

সভাতে হাত যোৰ কৰি বিনয়েৰে কমলাকান্ত বৰাই ক্ষমা খোজে।

তেওঁ কয়- ‘পূণ্যভূমি মাজুলীলৈ এই পৰিস্থিতি ত আহিবলৈ পাই লাজ পাইছো আঘাত পাইছোঁ, যোৱা ৩১ মে’ত মই ফেচবুকত পোষ্ট দিছিলোঁ যিটোৱে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীক মোৰ পোষ্টটোৱে আঘাত কৰাতো অনুভৱ কৰিলোঁ। অনুভৱৰ পাছত মই ৩ তাৰিখে মই পোষ্টটো মছি পেলালোঁ। আৰক্ষী গৈ ঘৰ ওলাল আৰু মোক থানালে আনিলে আৰু মই অনুভৱ অৰিছো ইয়াৰ দল সংগঠনে দুখ পাইছে , ময়ো গৰ্হিত কাম কৰিলো বুলি বিশ্বাস, প্ৰত্যয় জন্মিছে । মই পৰম আন্তৰিকতাৰে ক্ষমা বিচাৰিলো।’