সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যঃ আৰক্ষীৰ জালত কমলাকান্ত বৰা…

June 6, 2021 0 By Biraj Kalita

শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীক লৈ সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য দি আৰক্ষীৰ জালত পৰিল কমলাকান্ত বৰা।

সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীক অলপতে কমলাকান্ত বৰা নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য প্ৰকাশ কৰাত সমগ্ৰ মাজুলীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

মাজুলীৰ বিভিন্ন দল-সংগঠনে এই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কমলাকান্ত বৰা যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ ওপৰত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে সামাজিক মাধ্যমৰ ব্যৱহাৰিক দিশৰ ওপৰতো আৰক্ষীক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে।

ইতিমধ্যে ব্যক্তিজনৰ ওপৰত আউনীআটী সত্ৰৰ মুক্তিয়াৰ ৰিংকু মণি দত্তই মাজুলীৰ আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত কমলাকান্ত বৰাক গুৱাহাটীত কৰায়ত্ব কৰি মাজুলী থানালৈ আনি সোধা-পোছা অব্যাহত ৰাখিছে।