সদ্য বিবাহিতা মহিলা নিৰুদ্দেশ
October 13, 2021নিউজ ডেস্ক। মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ কোপতিমাৰী গাঁৱৰ এগৰাকী মহিলা এসপ্তাহদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কোপতিমাৰী গাঁৱৰ ৰুকছানৰ আলীৰ পত্নী লিলিমা খাতুন নামৰ মহিলাগৰাকী বিগত সাত দিন ধৰি নিৰুদ্দেশ হৈ আছে।
উল্লেখ্য যে চাৰি মাহ পূৰ্বে ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কোতিমাৰী গাঁৱৰ নিবাসী ৰুকছানৰ সৈতে সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হৈছিল লিলিমা খাতুন নামৰ মহিলাগৰাকী।
যোৱা ৪ অক্টোবৰৰ দিনা তিনি বজাত ঘৰৰ পৰা নিৰুদ্দেশ হৈ পৰে বোৱাৰীগৰাকী।
বোৱাৰীগৰাকীৰ পৰিয়ালে বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো শুংসূত্ৰ নাপাই ভূৰাগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
কোনোবাই যদি বোৱাৰীগৰাকীৰ সন্ধান পাই তেন্তে ৮৮২২৮-০৮৭০১ নম্বৰত যোগাযোগ কৰিবলৈ বোৱাৰীগৰাকীৰ পৰিয়ালে আহ্বান জনাইছে।