সন্ধানহীন দিব্যাংগ পুত্ৰক বিচাৰি হাহাকাৰ বৃদ্ধ মাতৃৰ

October 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ পৰা এজন যুৱক নিৰুদ্দেশ।

টিংখাঙৰ ১নং সাপকাঁইট গাঁৱৰ প্ৰয়াত আনন্দ গগৈৰ পুত্ৰ অজয় গগৈ নামৰ এজন যুৱক দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে।

দিব্যাংগ যুৱকজন গাঁৱৰে এখন বিয়া খাবলৈ যাওঁতেই মৰাণ নাহৰকটীয়া পথাৰৰ পৰা সন্ধানহীন হয় বুলি পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত, আত্মীয়-কুটুম্বৰ ঘৰত বিচাৰ-খোচাৰ কৰিও যুৱকজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

যাৰ ফলত যুৱকজনৰ পৰিয়াটোৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে।

বিশেষকৈ যুৱকজনৰ বৃদ্ধা মাতৃয়ে সন্ধানহীন পুত্ৰক বিচাৰি ব্যাকুল হৈ পৰিছে।

পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত অৱগত কৰিছে।

কোনো লোকে যুৱকজনৰ সন্ধান লাভ কৰিলে স্থানীয় আৰক্ষী থানা অথবা ৯৩৯৪৩-৬২২৮৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।