সন্ধানহীন! নেপালত প্ৰলয়ংকাৰী বানে উটুৱাই নিলে অসমৰ দুই যুৱকক…

June 18, 2021 0 By Biraj Kalita

নেপালত বানৰ তাণ্ডৱ!

ধাৰাসাৰ বৃষ্টিপাত হৈ থকাৰ ফলত সৃষ্টি হৈছে প্ৰবল বানপানীৰ।

মধ্য নেপালৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে সৃষ্টি হোৱা বানে কাঢ়ি নিলে ৭জনকৈ লোকৰ প্ৰাণ।

ইফালে, ৫০ৰো অধিক লোক নিৰুদ্দেশ হৈ আছে।

নেপালত এই বানৰ ফলতেই সন্ধান নাই গোলাঘাটৰ মেৰাপানীৰ ২ যুৱকৰ।

প্ৰলয়ংকাৰী বানে উটুৱাই নিলে যুৱক দুজনক।

যুৱকদ্বয় এটা নদীবান্ধ প্ৰকল্পত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল।

ইফালে, বানপানীৰ ফলত ভাঙি গৈছে কেইবাখনো দলং। যাৰ ফলত বহু স্থানত যাতায়াত স্তব্ধ হৈ পৰিছে।

জানিব পৰা মতে, এই বানত প্ৰায় ২০০টাকৈ ঘৰ উটি গৈছে।