সন্ধানহীন
September 11, 2021নিউজ ডেস্ক। যোৱা তিনিদিন ধৰি সন্ধান হৈ আছে তিতাবৰ নতুন ককিলা গাঁৱৰ জোনালী দাস নামৰ এগৰাকী মহিলা।
তিতাবৰ নতুন ককিলা গাঁৱৰ নিবাসী পৰমানন্দ দাসৰ পত্নী তথা দুই সন্তানৰ মাতৃ শ্ৰীমতী জোনালী দাস যোৱা তিনি দিন ধৰি ঘৰৰ পৰাই সন্ধানহীন হৈ আছে।
শাৰীৰিকভাৱে অসুস্থ আছিল বুলি জানিব পৰা গৈছে মহিলাগৰাকী।
কোনো লোকে যদি জোনালী দাসৰ সন্ধান পায় তেনেহ’লে ৯৯৫৪১-৭৮৫২৭ নম্বৰটোত যোগাযোগ কৰিবলৈ পৰিয়াল তথা স্বামীয়ে কাতৰ আহ্বান কৰিছে।