সন্ধানহীন

January 8, 2022 0 By NEWS DESK

বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংচালি দলনিৰ খগেন উপাধ্যায় নামৰ ১৯ বছৰীয়া যুৱকজনে ৫জানুৱাৰী তাৰিখে পুৱা ৬ বজাত স্থানীয় ষ্টেট বেংকৰ বিহালী শাখালৈ বুলি ওলাই গৈ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে।

খগেন উপাধ্যাইক পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি কোনো সন্ধান লাভ নকৰাত অৱশেষত বিহালী আৰক্ষী থানাত এখন ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে।

এতিয়ালৈকে যুৱকজনৰ কোনো সন্ধান নোপোৱাত অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে।

উল্লেখ্য যে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লেটাৰসহ প্ৰথমস্থান লাভ কৰা খগেন উপাধ্যায় প্ৰায় দুবছৰে মানসিকভাৱে অশান্তিত ভুগি আছে।

ফলত পৰিয়ালৰ লোকে অধিক চিন্তিত হৈ সংবাদ মাধ্যমৰ জৰিয়তে কোনো লোকে যুৱকজনৰ সম্ভেদ পালে ৯৭০৭৮-২৬১৮৮ বা ৬০০০৫-০২৭৭৫ নম্বৰত নাইবা স্থনীয় আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

লগতে চাওকঃ

সদ্যজাত কন্যা সন্তানৰ মুখ এবাৰাে দেখা নাপালে দেৱীলালে! ঘৰলৈ ওভতাৰ পথত বৃদ্ধ পিতৃ-মাতৃৰ সৈতে হেৰুৱালে প্ৰাণ