সন্ধানহীন
August 25, 2021নিউজ ডেস্ক। চামগুৰিৰ দুই নং গৰুমৰাৰ পৰা নিৰুদ্দেশ এজন ২০ বছৰীয়া যুৱক।
পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা তৰুণ সৰকাৰ নামৰ ২০ বছৰীয়া যুৱকজন হঠাৎ ২০ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ পৰে।
যুৱকজনৰ নিৰুদ্দেশৰ সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে শিৱস্থান আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।
জানিব পৰা মতে, যুৱকজন আবেলি টােপনীৰ পৰা উঠাৰ পিছত ৰাস্তালৈ ওলাই অহাৰ পাছৰে পৰা নিৰুদ্দেশ হয়।
পৰিয়ালৰ লোকে এতিয়া কোনো লোকে যুৱকজনক প্ৰত্যক্ষ কৰিলে ওচৰৰ আৰক্ষী থানাত অৱগত কৰিবলৈ অনুৰোধ জনাইছে।