সপ্তম শ্ৰেণীৰ ছাত্ৰী ৰহস্যজনকভাৱে সন্ধানহীন

September 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সাম্প্ৰতিক ক’ভিড জনিত পৰিস্থিতিৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে যুৱতী-মহিলাৰ ৰহস্যজনক নিৰুদ্দেশৰ ঘটনা।

এইবাৰ গুৱাহাটীৰ পৰা গােলাঘাটৰ এগৰাকী কিশােৰী সন্ধানহীন হােৱাৰ বাতৰি পােৱা গৈছে।

জানিব পৰা মতে, গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চিপাহীবাৰীৰ বাসিন্দা ৰবিয়া কালিন্দি আৰু অজন্তা কালিন্দিৰ কন্যা অনু কালান্দি গুৱাহাটী কাহিলিপাৰাস্থিত জনৈক পলৰ ঘৰত আছিল। কিন্তু ১৯ ছেপ্টেম্বৰৰ ৰাতিপুৱা প্ৰায় ৫ বজাত ১৫ বছৰীয়া কিশোৰীগৰাকীৰ ঘৰটােৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হয়।

ইফালে, ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দিছপুৰ আৰক্ষী থানাত আৰু গোলাঘাটৰ জামুগুৰি আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে যদিও কোনো শুংসূত্ৰ পোৱা নাই।

জানিব পৰা মতে, প্ৰায় সাত মাহ পূৰ্বে এই আত্মীয় লোকজনৰ ঘৰত পঢ়া-শুনা কৰিবলৈ অনুক অৰ্পন কৰিছিল পিতৃ-মাতৃয়ে।

কিশোৰীগৰাকীৰ কোনো সন্ধান নাপায় চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

পৰিয়ালৰ লোকে জনোৱা মতে সপ্তম শ্ৰেণাত অধ্যনৰত কিশোৰীগৰাকীৰ কোনো লোকে সন্ধান পালে ৬৯০০৯-৯৪৮৮৩, ৭০৯৯৭-৪২৯৪৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।