সমগ্ৰ বিশ্বতে প্ৰতি বছৰে এসপ্তাহ লকডাউন দিবলৈ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ…

June 14, 2021 0 By Biraj Kalita

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে এসপ্তাহৰ বাবে লকডাউন দিবলৈ আহ্বান জনাইছে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙ।

প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি চলাৰ বাবে বিশ্বৰ সকলো দেশৰ নেতৃত্বলৈ এই অনুৰোধ জনাইছে পায়েঙে।

পৃথিৱীৰ কেইবাখনো দেশৰ প্ৰতিনিধিকে ধৰি ইউনেস্কৰ ব্ৰেণ্ড এম্বেচাদৰৰ সন্মুখত এই প্ৰস্তাৱ উৎথাপন কৰিছে যাদৱ পায়েঙে।

নিজৰ বনাঞ্চলত লকডাউনৰ সময়ছোৱাত জীৱ-জন্তু, চৰাই-চিৰিকতিৰ মাজত পৰিলক্ষিত হোৱা অভূতপূৰ্ব যোগাত্মক পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰিয়েই অৰণ্য মানৱগৰাকীয়ে এই আহ্বান জনাইছে।

তেওঁ কয়- বিগত বৰ্ষত কভিড পৰিস্থিতিৰ বাবে যেতিয়া সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছিল, সেই সময়ছোৱাত প্ৰকৃতিত বহু যোগাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল।

তেওঁ লগতে কয়- ‘লকডাউনৰ সময়ছোৱাত মই মোৰ হাবিত জীৱ-জন্তু , চৰাই-চিৰিকতিসমূহৰ মাজত বহু পৰিৱৰ্তন দেখিবলৈ পাইছিলো। প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখি পৃথিৱীখন জীপাল কৰি ৰাখিবলৈ প্ৰতি বছৰে এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিয়াটো অতিকৈ প্ৰয়োজনীয়। মই ইতিমধ্যে এই প্ৰস্তাৱটো ইউনেস্কৰ ব্ৰেণ্ড এম্বেছাদৰৰ সন্মুখত উৎথাপন কৰিছো।’