সমনীয়াৰ সৈতে চিলা উৰুৱাই থাকােঁতে পথৰ কুকুৰৰ আক্ৰমণত ৯ বছৰীয়া শিশুৰ মৃত্যু

January 31, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনা। পথৰ কুকুৰৰ আক্ৰমণত মৃত্যু হ’ল ৯ বছৰীয়া শিশুৰ।

ঘটনাটো শনিবাৰে সংঘটিত হৈছে হাইদৰাবাদৰ বাহাদুৰপুৰত। শিশুটোৰ নাম আয়ান বুলি জানিব পৰা গৈছে।

ঘটনা অনুসৰি, শিশুটোৱে আন দুজন সমনীয়াৰ সৈতে ঘৰৰ কাষৰ পথাৰত চিলা উৰুৱাবলৈ গৈছিল। চিলা উৰুৱাই থাকোতে চিলা ধৰিবলৈ বুলি দৌৰি যাওঁতে এটা কুকুৰে খেদি আহে তিনিওকে।

বাকী দুজন শিশু কুকুৰৰ আক্ৰমণৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় যদিও আয়ান বাছি যাবলৈ সক্ষম নহ’ল। কুকুৰটোৱে প্ৰথমতে ডিঙিত কামোৰে আয়ানৰ। তাৰ পিছত শৰীৰৰ বিভিন্ন অংগত আক্ৰমণ কৰে।

পৰৱৰ্তী সময়ত যেতিয়া মাক-দেউতাকে আয়ানক বিচাৰি ফুৰে। তেতিয়া দেখে যে আয়ান পথাৰত পৰি আছে। লগে লগেই আয়ানক অস্মানিয়া চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আয়ানৰ পিতৃয়ে ইয়াক হত্যাৰ সন্দেহ কৰি আৰক্ষীক গোচৰ দিয়ে।

উল্লেখ্য যে এই কুকুৰটোৱে অঞ্চলটোত কিছুদিন ধৰি সন্ত্ৰাস চলাই আহিছে বুলি আৰক্ষীক অভিযোগ দিছিল স্থানীয় লোকে। ইয়াৰোপৰি পৌৰসভাকো এই বিষয়ত অৱগত কৰিছিল তেওঁলোকে। কিন্তু কোনেও তেওঁলোকৰ কথাত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

লগতে চাওকঃ

ৰাম মন্দিৰলৈ এক কোটি টকাৰ বৰঙণি আগবঢ়ালে গুহাবাসী সন্ন্যাসীয়ে !

২০ লাখ টকাৰ সোণৰ গহনা ভৰ্ত্তি বেগ গৰাকীক পুনৰ ঘূৰাই দিলে অট’ৰিক্সা চালকে, পুৰস্কৃত কৰিলে আৰক্ষীয়ে

মিঞা জাতি ৰাজনৈতিকভাৱে মূৰ্খঃ কংগ্ৰেছ বিধায়ক শ্বেৰমান

মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে জালুকবাৰীত নিৰ্বাচন খেলিব কমল কুমাৰ মেধীয়ে!